Posts

Showing posts from April, 2021

ৰঙালীৰ ৰং (কবিতা/Poem)

Image
ৰঙালী বিহু উপলক্ষে আজি এই বিহুটিৰ ওপৰত ৰচনা কৰা এটি কবিতা আপোনালোকলৈ আগবঢ়াইছো : ৰঙালীৰ ৰং On the festive occasion of Rongali Bihu, today we are presenting to you all a poem composed on the theme of this festival : Rongalir Rong ৰঙালীৰ ৰং বসন্ত ঋতু আহি মৰ্ত্তত বিৰাজমান হ'ল প্ৰকৃতিক এক ঐশ্বৰিক ৰূপেৰে সজাবলৈ। বহাগ মাহ ও ধাপলি মেলি আহিল জীৱকুলৰ ওচৰত  নানা ধৰণৰ উৎকণ্ঠা লৈ।। দুয়োৰে মিলনৰ এয়া কি যে এক মনোৰম  দৃশ্যাৱলী। যাক সোণতে শুৱগা কৰি উৎসৱমুখৰ পৰিৱেশ গঢ়িবলৈ নামি আহিল অসমীয়াৰ বাপতি সাহোন ৰঙালী।। প্ৰকৃতিয়েও নিজ বৰণ সলাই পৰিধান কৰিলে মনোমোহা  সেউজ সাজ-সজ্জা। ফলে-ফুলে চহকী হৈ পৰিল আমাৰ এই ধৰা।। কুলী-কেতেকী চৰাইয়ে মন ভুলোৱা শুৱলা মাতেৰে কৰিলে প্ৰতিধ্বনি। কপৌ ফুল জো পাইয়ো সুগন্ধিত কৰি তুলিলে  বননি ।। চৌদিশৰ ঢোল, পেপা আৰু তালৰ দেহ-মন নাচি উঠা সংমিশ্ৰিত ধ্বনিৰে ৰজনজনাইছে বাট, পথ আৰু চোতাল। গগনা আৰু বাঁহীৰ মধুৰ সুৰে কৰিলে মন-প্ৰাণ জিপাল।। নাচনি সকলেও পথাৰৰ মাজত ককাল ঘুৰাই ঘুৰাই জেং আৰু হুচৰি বিহু নাচি হৈছে মতলীয়া।  শ্রদ্ধা আৰু চেনেহেৰে প্ৰত্যেকজনেই আপোনজনলৈ উপহাৰ যাচিছে বিহুৱান খমখমীয়া।। ৰঙ