ৰঙালীৰ ৰং (কবিতা/Poem)

ৰঙালী বিহু উপলক্ষে আজি এই বিহুটিৰ ওপৰত ৰচনা কৰা এটি কবিতা আপোনালোকলৈ আগবঢ়াইছো : ৰঙালীৰ ৰং

On the festive occasion of Rongali Bihu, today we are presenting to you all a poem composed on the theme of this festival : Rongalir Rong





ৰঙালীৰ ৰং

বসন্ত ঋতু আহি মৰ্ত্তত বিৰাজমান হ'ল প্ৰকৃতিক এক ঐশ্বৰিক ৰূপেৰে সজাবলৈ।

বহাগ মাহ ও ধাপলি মেলি আহিল জীৱকুলৰ ওচৰত  নানা ধৰণৰ উৎকণ্ঠা লৈ।।

দুয়োৰে মিলনৰ এয়া কি যে এক মনোৰম দৃশ্যাৱলী।

যাক সোণতে শুৱগা কৰি উৎসৱমুখৰ পৰিৱেশ গঢ়িবলৈ নামি আহিল অসমীয়াৰ বাপতি সাহোন ৰঙালী।।

প্ৰকৃতিয়েও নিজ বৰণ সলাই পৰিধান কৰিলে মনোমোহা সেউজ সাজ-সজ্জা।

ফলে-ফুলে চহকী হৈ পৰিল আমাৰ এই ধৰা।।

কুলী-কেতেকী চৰাইয়ে মন ভুলোৱা শুৱলা মাতেৰে কৰিলে প্ৰতিধ্বনি।

কপৌ ফুল জোপাইয়ো সুগন্ধিত কৰি তুলিলে বননি।।

চৌদিশৰ ঢোল, পেপা আৰু তালৰ দেহ-মন নাচি উঠা সংমিশ্ৰিত ধ্বনিৰে ৰজনজনাইছে বাট, পথ আৰু চোতাল।

গগনা আৰু বাঁহীৰ মধুৰ সুৰে কৰিলে মন-প্ৰাণ জিপাল।।

নাচনি সকলেও পথাৰৰ মাজত ককাল ঘুৰাই ঘুৰাই জেং আৰু হুচৰি বিহু নাচি হৈছে মতলীয়া।

 শ্রদ্ধা আৰু চেনেহেৰে প্ৰত্যেকজনেই আপোনজনলৈ উপহাৰ যাচিছে বিহুৱান খমখমীয়া।।

ৰঙালী বিহুৰ ৰং আৰু স্ফূর্তিৰে আকাশ-বতাহ হ'ল মুখৰিত।

অসমীয়া ডেকা-গাভৰু, শিশু-বৃদ্ধ, সকলোৰেই হৃদয় বহাগৰ বিহুটিত আনন্দ-উল্লাসেৰে হ'ল আহ্লাদিত।।

সাত বিহুৰ সমাহাৰে বিয়পালে ন ন উচাহ-উদ্দীপনাৰ বার্তা।

অসমীয়া নৱবর্ষৰ এই সুন্দৰ মুহূর্তত সকলোকে জনালো অলেখ শুভেচ্ছা।।

-- মানস প্ৰতিম ভট্টৰ দ্বাৰা ৰচিত





সকলোকে বহাগ বিহু আৰু অসমীয়া নৱবর্ষৰ হিয়াভৰা ওলগ যাচিলো ।। 🙏🏻

Comments

Post a Comment

Popular posts from this blog

BELLY VIEW, GUWAHATI, ASSAM

THE FESTIVAL OF SPARKLES : DEEPAWALI (Poem)