ভোগালীৰ ভোগ (কবিতা/Poem)

 যিহেতু এতিয়া ভোগালী বিহুৰ বতৰ, সেয়েহে আজি আমি আপোনালোকলৈ এটি ভোগালী বিহুক ভিত্তি কৰি ৰচা কবিতা আগবঢ়াইছো : ভোগালীৰ ভোগ

As this is the festive season of Bhogali Bihu, today we are presenting to you all a poem associated with Bhogali Bihu on the special occasion of this festival : Bhogalir Bhog


Picture taken from Tonmoy Das (thin_king_dots)



ভোগালীৰ ভোগ

মাঘ বিহুৰ আগমনে কঢ়িয়াই আনিলে ভোগৰ বতৰা।

উজনিৰ পৰা নামনিলৈ সকলোতে বইছে আনন্দৰ বন্যা।।

পকা ধানেৰে খেতি পথাৰ হৈ পৰিল সোণালী।

ধনে-ধানে অসমীয়াৰ ভৰাল জাতিষ্কাৰ হৈ নামি আহিল ভোগালী।।

গাওঁৱে-ভূঞে সকলোৰে ঘৰে ঘৰে চিৰা-দৈ।

বিধে বিধে লাৰু পিঠা খাবা ৰৈ ৰৈ।।

উৰুকাৰ নিশা লগে ভাগে লও থলুৱা খাদ্যৰ জুতি।

কনমানি শিশু সকলেও জুইত পুৰিছে আলু গুটি॥

পথাৰৰ নৰা আনি নগৰ পোৱালে।

নগৰতো মেজি সাজি প্রতিযোগিতা পাতিলে।।

সেই মেজিৰ উত্তাপত প্রাণ পাই উঠিল ডেকা-ডেকেৰি, বুঢ়া-মেথা সকলোৰে উচাহ আৰু আনন্দ আবেগ অনুভূতি

নহবনো কিয় এয়া যে আমাৰ অসমীয়াৰ অতিকয় চেনেহৰ ভোগালী বিহু।।







সমূহ ৰাইজলৈ মাঘ বিহুৰ অলেখ শুভেচ্ছা যাঁচিলো ।। 



Comments

Post a Comment

Popular posts from this blog

BELLY VIEW, GUWAHATI, ASSAM

ৰঙালীৰ ৰং (কবিতা/Poem)

THE FESTIVAL OF SPARKLES : DEEPAWALI (Poem)