নির্বাচনী বতাহ (কবিতা/Poem)

 অসম বিধানসভা নির্বাচন, ২০২১ৰ এই প্ৰাকক্ষণত আমি আজি আপোনালোকলৈ এটি নির্বাচনী কবিতা আগবঢ়াইছো : নির্বাচনী বতাহ

Today, we are presenting to you all a poem which is based on the topic of elections on the special occasion of the upcoming Assam Assembly Elections, 2021 : নির্বাচনী বতাহ








নির্বাচনী বতাহ

বলিছে  বলিছে, নির্বাচনী বতাহ বলিছে।

চৌদিশে মাথো ৰাজনীতিৰ ৰণডংকা বাজিছে।।

দল সমূহেও ন ন লীলা  ৰচিছে।

সমষ্টিয়ে সমষ্টিয়ে সমৰ্থক সকলৰ লগত ৰেলী কৰি প্রচাৰ অভিযান তুংগত উঠাইছে।

নেতাসকলেও নিজৰ সর্বস্ব কৌশলেৰে টিকত পাবলৈ যো-জা চলাইছে।।

প্রতিশ্রুতিৰে বোৱাইছে সোত।

কিয়নো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ল ৰাইজৰ ভোট।।

কোনোৱে পিন্ধাব খুজিছে ৰাইজক টুপি।

কোনোৱে আকৌ সচা অন্তৰেৰে ৰাইজৰ অসূয়া-অপ্রীতিৰ বুজ ল'লে জুখি-মাপি।।

সোঁপন্থী, বামপন্থী, মধ্যমপন্থী, সকলোৱেই গাইছে নিজ নিজ বিচাৰধাৰা আৰু নীতি-আদর্শৰে ভৰা বাণী।

প্রতিটো দল, প্রতিজন নেতা আৰু পালিনেতা, সকলোৱেই দিছে উন্নয়নৰ জয়ধ্বনি।।

কাৰোবাৰ লাগিল আসনৰ লোভ।

কোনোবাই আকৌ উজাৰিলে জলন্ত সমস্যাৰ ক্ষোভ।।

একাংশ নেতাই নিজ স্বার্থ সিদ্ধিৰ হকে সৰ্বসাধাৰণৰ সমস্যাবোৰৰ সৈতে চলালে ভোটবেঙ্কৰ বেহা।

একাংশ নেতাই আকৌ নিকা মনেৰে আগবাঢ়ি আহিল সমাজক কৰিবলৈ সেৱা।।

একুৰি দল আৰু হেজাৰ নেতাৰ জনসাধাৰণে লব অগ্নিপৰীক্ষা।

চাৰিওপিনে বর্তমান কেৱল প্ৰতিদ্বন্দিতা আৰু প্ৰতিযোগিতা।।

সজাগ জনতাই ভোটদান কৰিবলৈ বান্ধিছে টঙালি।

উত্তম বিধায়ক বাচনিত নকৰে কোনো ধৰণৰ কৃপনালী।।

নাগৰিক সকলে ভোটদান কৰি সাব্যস্ত কৰিবলৈ ওলাল গণতান্ত্রিক অধিকাৰ।

যাৰ ফলত সৃষ্টি হোৱাৰ পথত এখন সুস্থ-সবল আৰু নির্ণায়ক চৰকাৰ।।


-- মানস প্ৰতিম ভট্টৰ দ্বাৰা ৰচিত






ধন্যবাদ ।।


Comments

Post a Comment

Popular posts from this blog

BELLY VIEW, GUWAHATI, ASSAM

ৰঙালীৰ ৰং (কবিতা/Poem)

THE FESTIVAL OF SPARKLES : DEEPAWALI (Poem)